×

Surah At-Tur in Assamese

Quran Assamese ⮕ Surah Tur

Translation of the Meanings of Surah Tur in Assamese - الآسامية

The Quran in Assamese - Surah Tur translated into Assamese, Surah At-Tur in Assamese. We provide accurate translation of Surah Tur in Assamese - الآسامية, Verses 49 - Surah Number 52 - Page 523.

بسم الله الرحمن الرحيم

وَالطُّورِ (1)
শপত তুৰ পৰ্বতৰ
وَكِتَابٍ مَّسْطُورٍ (2)
শপত কিতাবৰ যিটো লিপিবদ্ধ আছে
فِي رَقٍّ مَّنشُورٍ (3)
উন্মুক্ত পাতত।
وَالْبَيْتِ الْمَعْمُورِ (4)
শপত আবাদ গৃহৰ
وَالسَّقْفِ الْمَرْفُوعِ (5)
শপত সুউচ্চ চাদৰ
وَالْبَحْرِ الْمَسْجُورِ (6)
শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ
إِنَّ عَذَابَ رَبِّكَ لَوَاقِعٌ (7)
নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী
مَّا لَهُ مِن دَافِعٍ (8)
ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।
يَوْمَ تَمُورُ السَّمَاءُ مَوْرًا (9)
যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব
وَتَسِيرُ الْجِبَالُ سَيْرًا (10)
আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব
فَوَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ (11)
এতেকে সৰ্বনাশ সেইদিন অস্বীকাৰকাৰীসকলৰ বাবে
الَّذِينَ هُمْ فِي خَوْضٍ يَلْعَبُونَ (12)
যিহঁতে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।
يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا (13)
সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব
هَٰذِهِ النَّارُ الَّتِي كُنتُم بِهَا تُكَذِّبُونَ (14)
‘এইটোৱে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
أَفَسِحْرٌ هَٰذَا أَمْ أَنتُمْ لَا تُبْصِرُونَ (15)
এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা
اصْلَوْهَا فَاصْبِرُوا أَوْ لَا تَصْبِرُوا سَوَاءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ (16)
তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَنَعِيمٍ (17)
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যৰ ভিতৰত
فَاكِهِينَ بِمَا آتَاهُمْ رَبُّهُمْ وَوَقَاهُمْ رَبُّهُمْ عَذَابَ الْجَحِيمِ (18)
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা
كُلُوا وَاشْرَبُوا هَنِيئًا بِمَا كُنتُمْ تَعْمَلُونَ (19)
‘তোমালোকে যি আমল কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
مُتَّكِئِينَ عَلَىٰ سُرُرٍ مَّصْفُوفَةٍ ۖ وَزَوَّجْنَاهُم بِحُورٍ عِينٍ (20)
তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত
وَالَّذِينَ آمَنُوا وَاتَّبَعَتْهُمْ ذُرِّيَّتُهُم بِإِيمَانٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَا أَلَتْنَاهُم مِّنْ عَمَلِهِم مِّن شَيْءٍ ۚ كُلُّ امْرِئٍ بِمَا كَسَبَ رَهِينٌ (21)
আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।
وَأَمْدَدْنَاهُم بِفَاكِهَةٍ وَلَحْمٍ مِّمَّا يَشْتَهُونَ (22)
আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।
يَتَنَازَعُونَ فِيهَا كَأْسًا لَّا لَغْوٌ فِيهَا وَلَا تَأْثِيمٌ (23)
তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।
۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌ لَّهُمْ كَأَنَّهُمْ لُؤْلُؤٌ مَّكْنُونٌ (24)
আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ (25)
আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব
قَالُوا إِنَّا كُنَّا قَبْلُ فِي أَهْلِنَا مُشْفِقِينَ (26)
তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতি পূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শঙ্কিত অৱস্থাত আছিলো’।
فَمَنَّ اللَّهُ عَلَيْنَا وَوَقَانَا عَذَابَ السَّمُومِ (27)
তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।
إِنَّا كُنَّا مِن قَبْلُ نَدْعُوهُ ۖ إِنَّهُ هُوَ الْبَرُّ الرَّحِيمُ (28)
নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলো; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।
فَذَكِّرْ فَمَا أَنتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ (29)
এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।
أَمْ يَقُولُونَ شَاعِرٌ نَّتَرَبَّصُ بِهِ رَيْبَ الْمَنُونِ (30)
সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছো।
قُلْ تَرَبَّصُوا فَإِنِّي مَعَكُم مِّنَ الْمُتَرَبِّصِينَ (31)
কোৱা, ‘তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষাকাৰীসকলৰ অন্তৰ্ভূক্ত হ’লো’।
أَمْ تَأْمُرُهُمْ أَحْلَامُهُم بِهَٰذَا ۚ أَمْ هُمْ قَوْمٌ طَاغُونَ (32)
সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়
أَمْ يَقُولُونَ تَقَوَّلَهُ ۚ بَل لَّا يُؤْمِنُونَ (33)
নে সিহঁতে কয়, ‘এই কোৰআন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁত ঈমান নানিব।
فَلْيَأْتُوا بِحَدِيثٍ مِّثْلِهِ إِن كَانُوا صَادِقِينَ (34)
তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন
أَمْ خُلِقُوا مِنْ غَيْرِ شَيْءٍ أَمْ هُمُ الْخَالِقُونَ (35)
সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা
أَمْ خَلَقُوا السَّمَاوَاتِ وَالْأَرْضَ ۚ بَل لَّا يُوقِنُونَ (36)
নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।
أَمْ عِندَهُمْ خَزَائِنُ رَبِّكَ أَمْ هُمُ الْمُصَيْطِرُونَ (37)
তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ সিহঁতৰ ওচৰতে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী
أَمْ لَهُمْ سُلَّمٌ يَسْتَمِعُونَ فِيهِ ۖ فَلْيَأْتِ مُسْتَمِعُهُم بِسُلْطَانٍ مُّبِينٍ (38)
নে সিহঁতৰ ওচৰত মৈ আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন
أَمْ لَهُ الْبَنَاتُ وَلَكُمُ الْبَنُونَ (39)
নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে
أَمْ تَسْأَلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ (40)
তুমি সিহঁতৰ ওচৰত প্ৰতিদান বিচৰা নেকি যে, সিহঁতে ইয়াক এটা দুৰ্বহ বোজা বুলি ভাবে
أَمْ عِندَهُمُ الْغَيْبُ فَهُمْ يَكْتُبُونَ (41)
নে সিহঁতৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে, যিটো সিহঁতে লিখে
أَمْ يُرِيدُونَ كَيْدًا ۖ فَالَّذِينَ كَفَرُوا هُمُ الْمَكِيدُونَ (42)
নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰে? এতেকে যিহঁতে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।
أَمْ لَهُمْ إِلَٰهٌ غَيْرُ اللَّهِ ۚ سُبْحَانَ اللَّهِ عَمَّا يُشْرِكُونَ (43)
নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।
وَإِن يَرَوْا كِسْفًا مِّنَ السَّمَاءِ سَاقِطًا يَقُولُوا سَحَابٌ مَّرْكُومٌ (44)
আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।
فَذَرْهُمْ حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي فِيهِ يُصْعَقُونَ (45)
এতেকে সিহঁতক এৰি দিয়া সেইদিন পৰ্যন্ত, যিদিনা সিহঁত বজ্ৰাঘাতত আক্ৰান্ত হ’ব।
يَوْمَ لَا يُغْنِي عَنْهُمْ كَيْدُهُمْ شَيْئًا وَلَا هُمْ يُنصَرُونَ (46)
সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।
وَإِنَّ لِلَّذِينَ ظَلَمُوا عَذَابًا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ (47)
আৰু নিশ্চয় যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।
وَاصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا ۖ وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ (48)
আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।
وَمِنَ اللَّيْلِ فَسَبِّحْهُ وَإِدْبَارَ النُّجُومِ (49)
আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas