إِذَا السَّمَاءُ انفَطَرَتْ (1) যেতিয়া আকাশখন বিদীৰ্ণ হ’ব |
وَإِذَا الْكَوَاكِبُ انتَثَرَتْ (2) আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব |
وَإِذَا الْبِحَارُ فُجِّرَتْ (3) আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব |
وَإِذَا الْقُبُورُ بُعْثِرَتْ (4) আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব |
عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَأَخَّرَتْ (5) তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে। |
يَا أَيُّهَا الْإِنسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِيمِ (6) হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে |
الَّذِي خَلَقَكَ فَسَوَّاكَ فَعَدَلَكَ (7) যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে |
فِي أَيِّ صُورَةٍ مَّا شَاءَ رَكَّبَكَ (8) আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে। |
كَلَّا بَلْ تُكَذِّبُونَ بِالدِّينِ (9) কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা |
وَإِنَّ عَلَيْكُمْ لَحَافِظِينَ (10) আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল |
كِرَامًا كَاتِبِينَ (11) সন্মানিত লেখক বৃন্দ |
يَعْلَمُونَ مَا تَفْعَلُونَ (12) তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে। |
إِنَّ الْأَبْرَارَ لَفِي نَعِيمٍ (13) নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত। |
وَإِنَّ الْفُجَّارَ لَفِي جَحِيمٍ (14) আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত। |
يَصْلَوْنَهَا يَوْمَ الدِّينِ (15) সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব |
وَمَا هُمْ عَنْهَا بِغَائِبِينَ (16) আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব। |
وَمَا أَدْرَاكَ مَا يَوْمُ الدِّينِ (17) আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি |
ثُمَّ مَا أَدْرَاكَ مَا يَوْمُ الدِّينِ (18) আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি |
يَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَيْئًا ۖ وَالْأَمْرُ يَوْمَئِذٍ لِّلَّهِ (19) সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ। |