×

Surah Al-Hijr in Assamese

Quran Assamese ⮕ Surah Hijr

Translation of the Meanings of Surah Hijr in Assamese - الآسامية

The Quran in Assamese - Surah Hijr translated into Assamese, Surah Al-Hijr in Assamese. We provide accurate translation of Surah Hijr in Assamese - الآسامية, Verses 99 - Surah Number 15 - Page 262.

بسم الله الرحمن الرحيم

الر ۚ تِلْكَ آيَاتُ الْكِتَابِ وَقُرْآنٍ مُّبِينٍ (1)
আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।
رُّبَمَا يَوَدُّ الَّذِينَ كَفَرُوا لَوْ كَانُوا مُسْلِمِينَ (2)
কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন
ذَرْهُمْ يَأْكُلُوا وَيَتَمَتَّعُوا وَيُلْهِهِمُ الْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ (3)
এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
وَمَا أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌ مَّعْلُومٌ (4)
আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَأْخِرُونَ (5)
কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।
وَقَالُوا يَا أَيُّهَا الَّذِي نُزِّلَ عَلَيْهِ الذِّكْرُ إِنَّكَ لَمَجْنُونٌ (6)
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।
لَّوْ مَا تَأْتِينَا بِالْمَلَائِكَةِ إِن كُنتَ مِنَ الصَّادِقِينَ (7)
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়
مَا نُنَزِّلُ الْمَلَائِكَةَ إِلَّا بِالْحَقِّ وَمَا كَانُوا إِذًا مُّنظَرِينَ (8)
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ (9)
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ فِي شِيَعِ الْأَوَّلِينَ (10)
অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।
وَمَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ (11)
আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।
كَذَٰلِكَ نَسْلُكُهُ فِي قُلُوبِ الْمُجْرِمِينَ (12)
এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো
لَا يُؤْمِنُونَ بِهِ ۖ وَقَدْ خَلَتْ سُنَّةُ الْأَوَّلِينَ (13)
ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
وَلَوْ فَتَحْنَا عَلَيْهِم بَابًا مِّنَ السَّمَاءِ فَظَلُّوا فِيهِ يَعْرُجُونَ (14)
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়
لَقَالُوا إِنَّمَا سُكِّرَتْ أَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُورُونَ (15)
তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
وَلَقَدْ جَعَلْنَا فِي السَّمَاءِ بُرُوجًا وَزَيَّنَّاهَا لِلنَّاظِرِينَ (16)
আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
وَحَفِظْنَاهَا مِن كُلِّ شَيْطَانٍ رَّجِيمٍ (17)
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো
إِلَّا مَنِ اسْتَرَقَ السَّمْعَ فَأَتْبَعَهُ شِهَابٌ مُّبِينٌ (18)
কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।
وَالْأَرْضَ مَدَدْنَاهَا وَأَلْقَيْنَا فِيهَا رَوَاسِيَ وَأَنبَتْنَا فِيهَا مِن كُلِّ شَيْءٍ مَّوْزُونٍ (19)
আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে
وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ وَمَن لَّسْتُمْ لَهُ بِرَازِقِينَ (20)
আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।
وَإِن مِّن شَيْءٍ إِلَّا عِندَنَا خَزَائِنُهُ وَمَا نُنَزِّلُهُ إِلَّا بِقَدَرٍ مَّعْلُومٍ (21)
আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।
وَأَرْسَلْنَا الرِّيَاحَ لَوَاقِحَ فَأَنزَلْنَا مِنَ السَّمَاءِ مَاءً فَأَسْقَيْنَاكُمُوهُ وَمَا أَنتُمْ لَهُ بِخَازِنِينَ (22)
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।
وَإِنَّا لَنَحْنُ نُحْيِي وَنُمِيتُ وَنَحْنُ الْوَارِثُونَ (23)
আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَأْخِرِينَ (24)
আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।
وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُ حَكِيمٌ عَلِيمٌ (25)
নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
وَلَقَدْ خَلَقْنَا الْإِنسَانَ مِن صَلْصَالٍ مِّنْ حَمَإٍ مَّسْنُونٍ (26)
আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা
وَالْجَانَّ خَلَقْنَاهُ مِن قَبْلُ مِن نَّارِ السَّمُومِ (27)
আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِّن صَلْصَالٍ مِّنْ حَمَإٍ مَّسْنُونٍ (28)
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো
فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِن رُّوحِي فَقَعُوا لَهُ سَاجِدِينَ (29)
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা
فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ (30)
তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে
إِلَّا إِبْلِيسَ أَبَىٰ أَن يَكُونَ مَعَ السَّاجِدِينَ (31)
কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
قَالَ يَا إِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ السَّاجِدِينَ (32)
আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’
قَالَ لَمْ أَكُن لِّأَسْجُدَ لِبَشَرٍ خَلَقْتَهُ مِن صَلْصَالٍ مِّنْ حَمَإٍ مَّسْنُونٍ (33)
সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰো’।
قَالَ فَاخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ (34)
তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত
وَإِنَّ عَلَيْكَ اللَّعْنَةَ إِلَىٰ يَوْمِ الدِّينِ (35)
আৰু নিশ্চয় প্ৰতিদান দিৱস লৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
قَالَ رَبِّ فَأَنظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ (36)
সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
قَالَ فَإِنَّكَ مِنَ الْمُنظَرِينَ (37)
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল
إِلَىٰ يَوْمِ الْوَقْتِ الْمَعْلُومِ (38)
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
قَالَ رَبِّ بِمَا أَغْوَيْتَنِي لَأُزَيِّنَنَّ لَهُمْ فِي الْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ (39)
সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম
إِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِينَ (40)
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
قَالَ هَٰذَا صِرَاطٌ عَلَيَّ مُسْتَقِيمٌ (41)
আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ إِلَّا مَنِ اتَّبَعَكَ مِنَ الْغَاوِينَ (42)
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’
وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ (43)
‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’
لَهَا سَبْعَةُ أَبْوَابٍ لِّكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُومٌ (44)
‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।
إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَعُيُونٍ (45)
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
ادْخُلُوهَا بِسَلَامٍ آمِنِينَ (46)
তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
وَنَزَعْنَا مَا فِي صُدُورِهِم مِّنْ غِلٍّ إِخْوَانًا عَلَىٰ سُرُرٍ مُّتَقَابِلِينَ (47)
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব
لَا يَمَسُّهُمْ فِيهَا نَصَبٌ وَمَا هُم مِّنْهَا بِمُخْرَجِينَ (48)
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।
۞ نَبِّئْ عِبَادِي أَنِّي أَنَا الْغَفُورُ الرَّحِيمُ (49)
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু
وَأَنَّ عَذَابِي هُوَ الْعَذَابُ الْأَلِيمُ (50)
আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি
وَنَبِّئْهُمْ عَن ضَيْفِ إِبْرَاهِيمَ (51)
আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা
إِذْ دَخَلُوا عَلَيْهِ فَقَالُوا سَلَامًا قَالَ إِنَّا مِنكُمْ وَجِلُونَ (52)
যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
قَالُوا لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَامٍ عَلِيمٍ (53)
তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।
قَالَ أَبَشَّرْتُمُونِي عَلَىٰ أَن مَّسَّنِيَ الْكِبَرُ فَبِمَ تُبَشِّرُونَ (54)
তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’
قَالُوا بَشَّرْنَاكَ بِالْحَقِّ فَلَا تَكُن مِّنَ الْقَانِطِينَ (55)
তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।
قَالَ وَمَن يَقْنَطُ مِن رَّحْمَةِ رَبِّهِ إِلَّا الضَّالُّونَ (56)
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’
قَالَ فَمَا خَطْبُكُمْ أَيُّهَا الْمُرْسَلُونَ (57)
তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’
قَالُوا إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمٍ مُّجْرِمِينَ (58)
তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে
إِلَّا آلَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ (59)
কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম
إِلَّا امْرَأَتَهُ قَدَّرْنَا ۙ إِنَّهَا لَمِنَ الْغَابِرِينَ (60)
কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।
فَلَمَّا جَاءَ آلَ لُوطٍ الْمُرْسَلُونَ (61)
তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল
قَالَ إِنَّكُمْ قَوْمٌ مُّنكَرُونَ (62)
তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
قَالُوا بَلْ جِئْنَاكَ بِمَا كَانُوا فِيهِ يَمْتَرُونَ (63)
তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’
وَأَتَيْنَاكَ بِالْحَقِّ وَإِنَّا لَصَادِقُونَ (64)
‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’
فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِّنَ اللَّيْلِ وَاتَّبِعْ أَدْبَارَهُمْ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌ وَامْضُوا حَيْثُ تُؤْمَرُونَ (65)
‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।
وَقَضَيْنَا إِلَيْهِ ذَٰلِكَ الْأَمْرَ أَنَّ دَابِرَ هَٰؤُلَاءِ مَقْطُوعٌ مُّصْبِحِينَ (66)
আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।
وَجَاءَ أَهْلُ الْمَدِينَةِ يَسْتَبْشِرُونَ (67)
আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।
قَالَ إِنَّ هَٰؤُلَاءِ ضَيْفِي فَلَا تَفْضَحُونِ (68)
তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
وَاتَّقُوا اللَّهَ وَلَا تُخْزُونِ (69)
‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
قَالُوا أَوَلَمْ نَنْهَكَ عَنِ الْعَالَمِينَ (70)
সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলো নে’
قَالَ هَٰؤُلَاءِ بَنَاتِي إِن كُنتُمْ فَاعِلِينَ (71)
লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।
لَعَمْرُكَ إِنَّهُمْ لَفِي سَكْرَتِهِمْ يَعْمَهُونَ (72)
তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
فَأَخَذَتْهُمُ الصَّيْحَةُ مُشْرِقِينَ (73)
ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞঁৰে সিহঁতক আহি ধৰিলে
فَجَعَلْنَا عَالِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهِمْ حِجَارَةً مِّن سِجِّيلٍ (74)
তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।
إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِّلْمُتَوَسِّمِينَ (75)
নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
وَإِنَّهَا لَبِسَبِيلٍ مُّقِيمٍ (76)
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
إِنَّ فِي ذَٰلِكَ لَآيَةً لِّلْمُؤْمِنِينَ (77)
নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
وَإِن كَانَ أَصْحَابُ الْأَيْكَةِ لَظَالِمِينَ (78)
আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী
فَانتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍ مُّبِينٍ (79)
সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
وَلَقَدْ كَذَّبَ أَصْحَابُ الْحِجْرِ الْمُرْسَلِينَ (80)
আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল
وَآتَيْنَاهُمْ آيَاتِنَا فَكَانُوا عَنْهَا مُعْرِضِينَ (81)
আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।
وَكَانُوا يَنْحِتُونَ مِنَ الْجِبَالِ بُيُوتًا آمِنِينَ (82)
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
فَأَخَذَتْهُمُ الصَّيْحَةُ مُصْبِحِينَ (83)
তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।
فَمَا أَغْنَىٰ عَنْهُم مَّا كَانُوا يَكْسِبُونَ (84)
এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত আহা নাছিল।
وَمَا خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا إِلَّا بِالْحَقِّ ۗ وَإِنَّ السَّاعَةَ لَآتِيَةٌ ۖ فَاصْفَحِ الصَّفْحَ الْجَمِيلَ (85)
আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
إِنَّ رَبَّكَ هُوَ الْخَلَّاقُ الْعَلِيمُ (86)
নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।
وَلَقَدْ آتَيْنَاكَ سَبْعًا مِّنَ الْمَثَانِي وَالْقُرْآنَ الْعَظِيمَ (87)
আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِ أَزْوَاجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَاخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ (88)
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা)
وَقُلْ إِنِّي أَنَا النَّذِيرُ الْمُبِينُ (89)
আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।
كَمَا أَنزَلْنَا عَلَى الْمُقْتَسِمِينَ (90)
যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত
الَّذِينَ جَعَلُوا الْقُرْآنَ عِضِينَ (91)
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
فَوَرَبِّكَ لَنَسْأَلَنَّهُمْ أَجْمَعِينَ (92)
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম
عَمَّا كَانُوا يَعْمَلُونَ (93)
সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
فَاصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ الْمُشْرِكِينَ (94)
এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
إِنَّا كَفَيْنَاكَ الْمُسْتَهْزِئِينَ (95)
নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট
الَّذِينَ يَجْعَلُونَ مَعَ اللَّهِ إِلَٰهًا آخَرَ ۚ فَسَوْفَ يَعْلَمُونَ (96)
যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।
وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ (97)
আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُن مِّنَ السَّاجِدِينَ (98)
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
وَاعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ الْيَقِينُ (99)
আৰু তোমাৰ মৃত্যু নাহা লৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas