×

Surah Al-Waqiah in Assamese

Quran Assamese ⮕ Surah Waqiah

Translation of the Meanings of Surah Waqiah in Assamese - الآسامية

The Quran in Assamese - Surah Waqiah translated into Assamese, Surah Al-Waqiah in Assamese. We provide accurate translation of Surah Waqiah in Assamese - الآسامية, Verses 96 - Surah Number 56 - Page 534.

بسم الله الرحمن الرحيم

إِذَا وَقَعَتِ الْوَاقِعَةُ (1)
যেতিয়া কিয়ামত সংঘটিত হ’ব
لَيْسَ لِوَقْعَتِهَا كَاذِبَةٌ (2)
(তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
خَافِضَةٌ رَّافِعَةٌ (3)
ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব
إِذَا رُجَّتِ الْأَرْضُ رَجًّا (4)
যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব
وَبُسَّتِ الْجِبَالُ بَسًّا (5)
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব
فَكَانَتْ هَبَاءً مُّنبَثًّا (6)
ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব
وَكُنتُمْ أَزْوَاجًا ثَلَاثَةً (7)
আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত
فَأَصْحَابُ الْمَيْمَنَةِ مَا أَصْحَابُ الْمَيْمَنَةِ (8)
এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান
وَأَصْحَابُ الْمَشْأَمَةِ مَا أَصْحَابُ الْمَشْأَمَةِ (9)
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া
وَالسَّابِقُونَ السَّابِقُونَ (10)
আৰু অগ্ৰগামীসকলেই অগ্ৰগামী
أُولَٰئِكَ الْمُقَرَّبُونَ (11)
তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত
فِي جَنَّاتِ النَّعِيمِ (12)
তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত
ثُلَّةٌ مِّنَ الْأَوَّلِينَ (13)
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা
وَقَلِيلٌ مِّنَ الْآخِرِينَ (14)
আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
عَلَىٰ سُرُرٍ مَّوْضُونَةٍ (15)
সোণেৰে নিৰ্মিত আসনমূহত
مُّتَّكِئِينَ عَلَيْهَا مُتَقَابِلِينَ (16)
সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
يَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُّخَلَّدُونَ (17)
সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে
بِأَكْوَابٍ وَأَبَارِيقَ وَكَأْسٍ مِّن مَّعِينٍ (18)
প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ
لَّا يُصَدَّعُونَ عَنْهَا وَلَا يُنزِفُونَ (19)
সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব
وَفَاكِهَةٍ مِّمَّا يَتَخَيَّرُونَ (20)
আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ
وَلَحْمِ طَيْرٍ مِّمَّا يَشْتَهُونَ (21)
আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
وَحُورٌ عِينٌ (22)
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ
كَأَمْثَالِ اللُّؤْلُؤِ الْمَكْنُونِ (23)
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে
جَزَاءً بِمَا كَانُوا يَعْمَلُونَ (24)
সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا (25)
তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব
إِلَّا قِيلًا سَلَامًا سَلَامًا (26)
শুনিব কেৱল ছালাম আৰু ছালাম।
وَأَصْحَابُ الْيَمِينِ مَا أَصْحَابُ الْيَمِينِ (27)
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো
فِي سِدْرٍ مَّخْضُودٍ (28)
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ
وَطَلْحٍ مَّنضُودٍ (29)
আৰু থোকেৰে ভৰা কল গছ
وَظِلٍّ مَّمْدُودٍ (30)
আৰু সম্প্ৰসাৰিত ছাঁ
وَمَاءٍ مَّسْكُوبٍ (31)
আৰু সদায় প্ৰবাহমান পানী
وَفَاكِهَةٍ كَثِيرَةٍ (32)
আৰু প্ৰচুৰ ফল-মূল
لَّا مَقْطُوعَةٍ وَلَا مَمْنُوعَةٍ (33)
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
وَفُرُشٍ مَّرْفُوعَةٍ (34)
আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত
إِنَّا أَنشَأْنَاهُنَّ إِنشَاءً (35)
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত
فَجَعَلْنَاهُنَّ أَبْكَارًا (36)
তাৰ পিছত সিহঁতক কুমাৰী বনাইছো
عُرُبًا أَتْرَابًا (37)
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া
لِّأَصْحَابِ الْيَمِينِ (38)
সোঁফালৰ লোকসকলৰ বাবে।
ثُلَّةٌ مِّنَ الْأَوَّلِينَ (39)
সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা
وَثُلَّةٌ مِّنَ الْآخِرِينَ (40)
আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
وَأَصْحَابُ الشِّمَالِ مَا أَصْحَابُ الشِّمَالِ (41)
আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো
فِي سَمُومٍ وَحَمِيمٍ (42)
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত
وَظِلٍّ مِّن يَحْمُومٍ (43)
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত
لَّا بَارِدٍ وَلَا كَرِيمٍ (44)
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ مُتْرَفِينَ (45)
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল
وَكَانُوا يُصِرُّونَ عَلَى الْحِنثِ الْعَظِيمِ (46)
আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
وَكَانُوا يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ (47)
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’
أَوَآبَاؤُنَا الْأَوَّلُونَ (48)
আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)
قُلْ إِنَّ الْأَوَّلِينَ وَالْآخِرِينَ (49)
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো
لَمَجْمُوعُونَ إِلَىٰ مِيقَاتِ يَوْمٍ مَّعْلُومٍ (50)
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
ثُمَّ إِنَّكُمْ أَيُّهَا الضَّالُّونَ الْمُكَذِّبُونَ (51)
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল
لَآكِلُونَ مِن شَجَرٍ مِّن زَقُّومٍ (52)
নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা
فَمَالِئُونَ مِنْهَا الْبُطُونَ (53)
সেইটোৰেই তোমালোকে পেট ভৰাবা
فَشَارِبُونَ عَلَيْهِ مِنَ الْحَمِيمِ (54)
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী
فَشَارِبُونَ شُرْبَ الْهِيمِ (55)
তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
هَٰذَا نُزُلُهُمْ يَوْمَ الدِّينِ (56)
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
نَحْنُ خَلَقْنَاكُمْ فَلَوْلَا تُصَدِّقُونَ (57)
আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা
أَفَرَأَيْتُم مَّا تُمْنُونَ (58)
তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে
أَأَنتُمْ تَخْلُقُونَهُ أَمْ نَحْنُ الْخَالِقُونَ (59)
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
نَحْنُ قَدَّرْنَا بَيْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ (60)
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ
عَلَىٰ أَن نُّبَدِّلَ أَمْثَالَكُمْ وَنُنشِئَكُمْ فِي مَا لَا تَعْلَمُونَ (61)
তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
وَلَقَدْ عَلِمْتُمُ النَّشْأَةَ الْأُولَىٰ فَلَوْلَا تَذَكَّرُونَ (62)
আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা
أَفَرَأَيْتُم مَّا تَحْرُثُونَ (63)
তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে
أَأَنتُمْ تَزْرَعُونَهُ أَمْ نَحْنُ الزَّارِعُونَ (64)
সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো
لَوْ نَشَاءُ لَجَعَلْنَاهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُونَ (65)
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা
إِنَّا لَمُغْرَمُونَ (66)
(এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’
بَلْ نَحْنُ مَحْرُومُونَ (67)
‘বৰং আমি বঞ্চিত হৈছো’।
أَفَرَأَيْتُمُ الْمَاءَ الَّذِي تَشْرَبُونَ (68)
তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন
أَأَنتُمْ أَنزَلْتُمُوهُ مِنَ الْمُزْنِ أَمْ نَحْنُ الْمُنزِلُونَ (69)
মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো
لَوْ نَشَاءُ جَعَلْنَاهُ أُجَاجًا فَلَوْلَا تَشْكُرُونَ (70)
আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা
أَفَرَأَيْتُمُ النَّارَ الَّتِي تُورُونَ (71)
তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন
أَأَنتُمْ أَنشَأْتُمْ شَجَرَتَهَا أَمْ نَحْنُ الْمُنشِئُونَ (72)
তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
نَحْنُ جَعَلْنَاهَا تَذْكِرَةً وَمَتَاعًا لِّلْمُقْوِينَ (73)
ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِيمِ (74)
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
۞ فَلَا أُقْسِمُ بِمَوَاقِعِ النُّجُومِ (75)
এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ
وَإِنَّهُ لَقَسَمٌ لَّوْ تَعْلَمُونَ عَظِيمٌ (76)
আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন
إِنَّهُ لَقُرْآنٌ كَرِيمٌ (77)
নিশ্চয় এইটো মহিমান্বিত কোৰআন
فِي كِتَابٍ مَّكْنُونٍ (78)
যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
لَّا يَمَسُّهُ إِلَّا الْمُطَهَّرُونَ (79)
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
تَنزِيلٌ مِّن رَّبِّ الْعَالَمِينَ (80)
এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
أَفَبِهَٰذَا الْحَدِيثِ أَنتُم مُّدْهِنُونَ (81)
তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি
وَتَجْعَلُونَ رِزْقَكُمْ أَنَّكُمْ تُكَذِّبُونَ (82)
আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা
فَلَوْلَا إِذَا بَلَغَتِ الْحُلْقُومَ (83)
এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়
وَأَنتُمْ حِينَئِذٍ تَنظُرُونَ (84)
আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা
وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنكُمْ وَلَٰكِن لَّا تُبْصِرُونَ (85)
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
فَلَوْلَا إِن كُنتُمْ غَيْرَ مَدِينِينَ (86)
এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা
تَرْجِعُونَهَا إِن كُنتُمْ صَادِقِينَ (87)
তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী
فَأَمَّا إِن كَانَ مِنَ الْمُقَرَّبِينَ (88)
তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়
فَرَوْحٌ وَرَيْحَانٌ وَجَنَّتُ نَعِيمٍ (89)
তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
وَأَمَّا إِن كَانَ مِنْ أَصْحَابِ الْيَمِينِ (90)
আৰু সি যদি হয় সোঁফালৰ দলৰ এজন
فَسَلَامٌ لَّكَ مِنْ أَصْحَابِ الْيَمِينِ (91)
তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
وَأَمَّا إِن كَانَ مِنَ الْمُكَذِّبِينَ الضَّالِّينَ (92)
কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন
فَنُزُلٌ مِّنْ حَمِيمٍ (93)
তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা
وَتَصْلِيَةُ جَحِيمٍ (94)
আৰু জাহান্নামৰ দহনেৰে
إِنَّ هَٰذَا لَهُوَ حَقُّ الْيَقِينِ (95)
নিশ্চয় এইটো সুনিশ্চিত সত্য।
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِيمِ (96)
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas