×

Surah Al-Muddaththir in Assamese

Quran Assamese ⮕ Surah Muddathir

Translation of the Meanings of Surah Muddathir in Assamese - الآسامية

The Quran in Assamese - Surah Muddathir translated into Assamese, Surah Al-Muddaththir in Assamese. We provide accurate translation of Surah Muddathir in Assamese - الآسامية, Verses 56 - Surah Number 74 - Page 575.

بسم الله الرحمن الرحيم

يَا أَيُّهَا الْمُدَّثِّرُ (1)
হে বস্ত্ৰাবৃত
قُمْ فَأَنذِرْ (2)
উঠা, আৰু সতৰ্ক কৰা
وَرَبَّكَ فَكَبِّرْ (3)
আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
وَثِيَابَكَ فَطَهِّرْ (4)
আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা
وَالرُّجْزَ فَاهْجُرْ (5)
আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা
وَلَا تَمْنُن تَسْتَكْثِرُ (6)
আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।
وَلِرَبِّكَ فَاصْبِرْ (7)
আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।
فَإِذَا نُقِرَ فِي النَّاقُورِ (8)
এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব
فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ (9)
সেই দিনটো হ’ব এটা সংকটৰ দিন
عَلَى الْكَافِرِينَ غَيْرُ يَسِيرٍ (10)
যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
ذَرْنِي وَمَنْ خَلَقْتُ وَحِيدًا (11)
যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।
وَجَعَلْتُ لَهُ مَالًا مَّمْدُودًا (12)
আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ
وَبَنِينَ شُهُودًا (13)
আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।
وَمَهَّدتُّ لَهُ تَمْهِيدًا (14)
আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ
ثُمَّ يَطْمَعُ أَنْ أَزِيدَ (15)
তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ
كَلَّا ۖ إِنَّهُ كَانَ لِآيَاتِنَا عَنِيدًا (16)
কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।
سَأُرْهِقُهُ صَعُودًا (17)
অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।
إِنَّهُ فَكَّرَ وَقَدَّرَ (18)
নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
فَقُتِلَ كَيْفَ قَدَّرَ (19)
এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
ثُمَّ قُتِلَ كَيْفَ قَدَّرَ (20)
আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
ثُمَّ نَظَرَ (21)
তাৰ পিছত সি লক্ষ্য কৰিলে।
ثُمَّ عَبَسَ وَبَسَرَ (22)
তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
ثُمَّ أَدْبَرَ وَاسْتَكْبَرَ (23)
তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
فَقَالَ إِنْ هَٰذَا إِلَّا سِحْرٌ يُؤْثَرُ (24)
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’
إِنْ هَٰذَا إِلَّا قَوْلُ الْبَشَرِ (25)
‘এয়াতো মানুহৰেই কথা’।
سَأُصْلِيهِ سَقَرَ (26)
অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
وَمَا أَدْرَاكَ مَا سَقَرُ (27)
আৰু কিহে তোমাক জনাব ছাক্বাৰ কি
لَا تُبْقِي وَلَا تَذَرُ (28)
ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।
لَوَّاحَةٌ لِّلْبَشَرِ (29)
ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
عَلَيْهَا تِسْعَةَ عَشَرَ (30)
ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
وَمَا جَعَلْنَا أَصْحَابَ النَّارِ إِلَّا مَلَائِكَةً ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِّلَّذِينَ كَفَرُوا لِيَسْتَيْقِنَ الَّذِينَ أُوتُوا الْكِتَابَ وَيَزْدَادَ الَّذِينَ آمَنُوا إِيمَانًا ۙ وَلَا يَرْتَابَ الَّذِينَ أُوتُوا الْكِتَابَ وَالْمُؤْمِنُونَ ۙ وَلِيَقُولَ الَّذِينَ فِي قُلُوبِهِم مَّرَضٌ وَالْكَافِرُونَ مَاذَا أَرَادَ اللَّهُ بِهَٰذَا مَثَلًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ مَن يَشَاءُ وَيَهْدِي مَن يَشَاءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِيَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ (31)
আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
كَلَّا وَالْقَمَرِ (32)
কেতিয়াও নহয়, চন্দ্ৰৰ শপত
وَاللَّيْلِ إِذْ أَدْبَرَ (33)
ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে
وَالصُّبْحِ إِذَا أَسْفَرَ (34)
প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়
إِنَّهَا لَإِحْدَى الْكُبَرِ (35)
নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম
نَذِيرًا لِّلْبَشَرِ (36)
মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ
لِمَن شَاءَ مِنكُمْ أَن يَتَقَدَّمَ أَوْ يَتَأَخَّرَ (37)
তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِينَةٌ (38)
প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ
إِلَّا أَصْحَابَ الْيَمِينِ (39)
কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে
فِي جَنَّاتٍ يَتَسَاءَلُونَ (40)
জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব
عَنِ الْمُجْرِمِينَ (41)
অপৰাধীবিলাকৰ বিষয়ে
مَا سَلَكَكُمْ فِي سَقَرَ (42)
কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে
قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ (43)
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো
وَلَمْ نَكُ نُطْعِمُ الْمِسْكِينَ (44)
‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো
وَكُنَّا نَخُوضُ مَعَ الْخَائِضِينَ (45)
আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
وَكُنَّا نُكَذِّبُ بِيَوْمِ الدِّينِ (46)
আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো
حَتَّىٰ أَتَانَا الْيَقِينُ (47)
অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
فَمَا تَنفَعُهُمْ شَفَاعَةُ الشَّافِعِينَ (48)
এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِينَ (49)
এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে
كَأَنَّهُمْ حُمُرٌ مُّسْتَنفِرَةٌ (50)
সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।
فَرَّتْ مِن قَسْوَرَةٍ (51)
যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।
بَلْ يُرِيدُ كُلُّ امْرِئٍ مِّنْهُمْ أَن يُؤْتَىٰ صُحُفًا مُّنَشَّرَةً (52)
বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।
كَلَّا ۖ بَل لَّا يَخَافُونَ الْآخِرَةَ (53)
কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।
كَلَّا إِنَّهُ تَذْكِرَةٌ (54)
কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।
فَمَن شَاءَ ذَكَرَهُ (55)
এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।
وَمَا يَذْكُرُونَ إِلَّا أَن يَشَاءَ اللَّهُ ۚ هُوَ أَهْلُ التَّقْوَىٰ وَأَهْلُ الْمَغْفِرَةِ (56)
আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas