وَاللَّيْلِ إِذَا يَغْشَىٰ (1) শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে |
وَالنَّهَارِ إِذَا تَجَلَّىٰ (2) শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয় |
وَمَا خَلَقَ الذَّكَرَ وَالْأُنثَىٰ (3) আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে। |
إِنَّ سَعْيَكُمْ لَشَتَّىٰ (4) নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ। |
فَأَمَّا مَنْ أَعْطَىٰ وَاتَّقَىٰ (5) এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে |
وَصَدَّقَ بِالْحُسْنَىٰ (6) আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে |
فَسَنُيَسِّرُهُ لِلْيُسْرَىٰ (7) আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম। |
وَأَمَّا مَن بَخِلَ وَاسْتَغْنَىٰ (8) আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে |
وَكَذَّبَ بِالْحُسْنَىٰ (9) আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে |
فَسَنُيَسِّرُهُ لِلْعُسْرَىٰ (10) আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম। |
وَمَا يُغْنِي عَنْهُ مَالُهُ إِذَا تَرَدَّىٰ (11) আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব। |
إِنَّ عَلَيْنَا لَلْهُدَىٰ (12) নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য। |
وَإِنَّ لَنَا لَلْآخِرَةَ وَالْأُولَىٰ (13) নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক। |
فَأَنذَرْتُكُمْ نَارًا تَلَظَّىٰ (14) এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো। |
لَا يَصْلَاهَا إِلَّا الْأَشْقَى (15) তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য |
الَّذِي كَذَّبَ وَتَوَلَّىٰ (16) যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে। |
وَسَيُجَنَّبُهَا الْأَتْقَى (17) আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক |
الَّذِي يُؤْتِي مَالَهُ يَتَزَكَّىٰ (18) যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে |
وَمَا لِأَحَدٍ عِندَهُ مِن نِّعْمَةٍ تُجْزَىٰ (19) আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব |
إِلَّا ابْتِغَاءَ وَجْهِ رَبِّهِ الْأَعْلَىٰ (20) কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত |
وَلَسَوْفَ يَرْضَىٰ (21) আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব। |