The Quran in Assamese - Surah Duha translated into Assamese, Surah Ad-Dhuha in Assamese. We provide accurate translation of Surah Duha in Assamese - الآسامية, Verses 11 - Surah Number 93 - Page 596.

| وَالضُّحَىٰ (1) পূৰ্বাহ্নৰ শপত |
| وَاللَّيْلِ إِذَا سَجَىٰ (2) শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়। |
| مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ (3) তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই। |
| وَلَلْآخِرَةُ خَيْرٌ لَّكَ مِنَ الْأُولَىٰ (4) নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম। |
| وَلَسَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰ (5) নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক অনুগ্ৰহ প্ৰদান কৰিব, ফলত তুমি সন্তুষ্ট হ’বা। |
| أَلَمْ يَجِدْكَ يَتِيمًا فَآوَىٰ (6) তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে। |
| وَوَجَدَكَ ضَالًّا فَهَدَىٰ (7) আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তোৱেঁই তোমাক পথনিৰ্দেশ দিছে। |
| وَوَجَدَكَ عَائِلًا فَأَغْنَىٰ (8) আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে। |
| فَأَمَّا الْيَتِيمَ فَلَا تَقْهَرْ (9) এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা। |
| وَأَمَّا السَّائِلَ فَلَا تَنْهَرْ (10) আৰু ভিখাৰীক ধমক নিদিবা। |
| وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ (11) আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা। |