The Quran in Assamese - Surah Tin translated into Assamese, Surah At-Tin in Assamese. We provide accurate translation of Surah Tin in Assamese - الآسامية, Verses 8 - Surah Number 95 - Page 597.
بِّسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ وَالتِّينِ وَالزَّيْتُونِ (1) শপত তীন আৰু যায়তুনৰ |
وَطُورِ سِينِينَ (2) শপত চিনাই পৰ্বতৰ |
وَهَٰذَا الْبَلَدِ الْأَمِينِ (3) শপত এই নিৰাপদ নগৰখনৰ |
لَقَدْ خَلَقْنَا الْإِنسَانَ فِي أَحْسَنِ تَقْوِيمٍ (4) নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো |
ثُمَّ رَدَدْنَاهُ أَسْفَلَ سَافِلِينَ (5) তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো |
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ (6) কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান। |
فَمَا يُكَذِّبُكَ بَعْدُ بِالدِّينِ (7) এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে |
أَلَيْسَ اللَّهُ بِأَحْكَمِ الْحَاكِمِينَ (8) আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু |