×

Surah Al-Maarij in Assamese

Quran Assamese ⮕ Surah Maarij

Translation of the Meanings of Surah Maarij in Assamese - الآسامية

The Quran in Assamese - Surah Maarij translated into Assamese, Surah Al-Maarij in Assamese. We provide accurate translation of Surah Maarij in Assamese - الآسامية, Verses 44 - Surah Number 70 - Page 568.

بسم الله الرحمن الرحيم

سَأَلَ سَائِلٌ بِعَذَابٍ وَاقِعٍ (1)
ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব
لِّلْكَافِرِينَ لَيْسَ لَهُ دَافِعٌ (2)
কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
مِّنَ اللَّهِ ذِي الْمَعَارِجِ (3)
এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী
تَعْرُجُ الْمَلَائِكَةُ وَالرُّوحُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ (4)
ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
فَاصْبِرْ صَبْرًا جَمِيلًا (5)
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
إِنَّهُمْ يَرَوْنَهُ بَعِيدًا (6)
সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।
وَنَرَاهُ قَرِيبًا (7)
আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।
يَوْمَ تَكُونُ السَّمَاءُ كَالْمُهْلِ (8)
সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ (9)
আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে
وَلَا يَسْأَلُ حَمِيمٌ حَمِيمًا (10)
আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব
يُبَصَّرُونَهُمْ ۚ يَوَدُّ الْمُجْرِمُ لَوْ يَفْتَدِي مِنْ عَذَابِ يَوْمِئِذٍ بِبَنِيهِ (11)
সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক
وَصَاحِبَتِهِ وَأَخِيهِ (12)
আৰু তাৰ স্ত্ৰী আৰু ভাতৃক
وَفَصِيلَتِهِ الَّتِي تُؤْوِيهِ (13)
আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল
وَمَن فِي الْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ (14)
আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।
كَلَّا ۖ إِنَّهَا لَظَىٰ (15)
কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই
نَزَّاعَةً لِّلشَّوَىٰ (16)
যিয়ে মূৰৰ ছাল খহাই পেলাব।
تَدْعُو مَنْ أَدْبَرَ وَتَوَلَّىٰ (17)
জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
وَجَمَعَ فَأَوْعَىٰ (18)
আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।
۞ إِنَّ الْإِنسَانَ خُلِقَ هَلُوعًا (19)
নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
إِذَا مَسَّهُ الشَّرُّ جَزُوعًا (20)
যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।
وَإِذَا مَسَّهُ الْخَيْرُ مَنُوعًا (21)
আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
إِلَّا الْمُصَلِّينَ (22)
কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে
الَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَائِمُونَ (23)
যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত
وَالَّذِينَ فِي أَمْوَالِهِمْ حَقٌّ مَّعْلُومٌ (24)
আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে
لِّلسَّائِلِ وَالْمَحْرُومِ (25)
খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে
وَالَّذِينَ يُصَدِّقُونَ بِيَوْمِ الدِّينِ (26)
আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
وَالَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ (27)
আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ (28)
নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়
وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ (29)
আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী
إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ (30)
কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ (31)
কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
وَالَّذِينَ هُمْ لِأَمَانَاتِهِمْ وَعَهْدِهِمْ رَاعُونَ (32)
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে
وَالَّذِينَ هُم بِشَهَادَاتِهِمْ قَائِمُونَ (33)
আৰু যিসকলে নিজ সাক্ষ্যদানত অটল
وَالَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ (34)
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে
أُولَٰئِكَ فِي جَنَّاتٍ مُّكْرَمُونَ (35)
তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
فَمَالِ الَّذِينَ كَفَرُوا قِبَلَكَ مُهْطِعِينَ (36)
কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে
عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ عِزِينَ (37)
সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।
أَيَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ (38)
সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব
كَلَّا ۖ إِنَّا خَلَقْنَاهُم مِّمَّا يَعْلَمُونَ (39)
কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।
فَلَا أُقْسِمُ بِرَبِّ الْمَشَارِقِ وَالْمَغَارِبِ إِنَّا لَقَادِرُونَ (40)
এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম
عَلَىٰ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ (41)
সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।
فَذَرْهُمْ يَخُوضُوا وَيَلْعَبُوا حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي يُوعَدُونَ (42)
এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
يَوْمَ يَخْرُجُونَ مِنَ الْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ (43)
সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে
خَاشِعَةً أَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ الْيَوْمُ الَّذِي كَانُوا يُوعَدُونَ (44)
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas