سَأَلَ سَائِلٌ بِعَذَابٍ وَاقِعٍ (1) ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব |
لِّلْكَافِرِينَ لَيْسَ لَهُ دَافِعٌ (2) কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই। |
مِّنَ اللَّهِ ذِي الْمَعَارِجِ (3) এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী |
تَعْرُجُ الْمَلَائِكَةُ وَالرُّوحُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ (4) ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ। |
فَاصْبِرْ صَبْرًا جَمِيلًا (5) এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য। |
إِنَّهُمْ يَرَوْنَهُ بَعِيدًا (6) সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে। |
وَنَرَاهُ قَرِيبًا (7) আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো। |
يَوْمَ تَكُونُ السَّمَاءُ كَالْمُهْلِ (8) সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে |
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ (9) আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে |
وَلَا يَسْأَلُ حَمِيمٌ حَمِيمًا (10) আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব |
يُبَصَّرُونَهُمْ ۚ يَوَدُّ الْمُجْرِمُ لَوْ يَفْتَدِي مِنْ عَذَابِ يَوْمِئِذٍ بِبَنِيهِ (11) সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক |
وَصَاحِبَتِهِ وَأَخِيهِ (12) আৰু তাৰ স্ত্ৰী আৰু ভাতৃক |
وَفَصِيلَتِهِ الَّتِي تُؤْوِيهِ (13) আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল |
وَمَن فِي الْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ (14) আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে। |
كَلَّا ۖ إِنَّهَا لَظَىٰ (15) কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই |
نَزَّاعَةً لِّلشَّوَىٰ (16) যিয়ে মূৰৰ ছাল খহাই পেলাব। |
تَدْعُو مَنْ أَدْبَرَ وَتَوَلَّىٰ (17) জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। |
وَجَمَعَ فَأَوْعَىٰ (18) আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল। |
۞ إِنَّ الْإِنسَانَ خُلِقَ هَلُوعًا (19) নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে। |
إِذَا مَسَّهُ الشَّرُّ جَزُوعًا (20) যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে। |
وَإِذَا مَسَّهُ الْخَيْرُ مَنُوعًا (21) আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে। |
إِلَّا الْمُصَلِّينَ (22) কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে |
الَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَائِمُونَ (23) যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত |
وَالَّذِينَ فِي أَمْوَالِهِمْ حَقٌّ مَّعْلُومٌ (24) আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে |
لِّلسَّائِلِ وَالْمَحْرُومِ (25) খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে |
وَالَّذِينَ يُصَدِّقُونَ بِيَوْمِ الدِّينِ (26) আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে। |
وَالَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ (27) আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত |
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ (28) নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায় |
وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ (29) আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী |
إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ (30) কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব |
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ (31) কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী। |
وَالَّذِينَ هُمْ لِأَمَانَاتِهِمْ وَعَهْدِهِمْ رَاعُونَ (32) আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে |
وَالَّذِينَ هُم بِشَهَادَاتِهِمْ قَائِمُونَ (33) আৰু যিসকলে নিজ সাক্ষ্যদানত অটল |
وَالَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ (34) আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে |
أُولَٰئِكَ فِي جَنَّاتٍ مُّكْرَمُونَ (35) তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব। |
فَمَالِ الَّذِينَ كَفَرُوا قِبَلَكَ مُهْطِعِينَ (36) কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে |
عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ عِزِينَ (37) সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে। |
أَيَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ (38) সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব |
كَلَّا ۖ إِنَّا خَلَقْنَاهُم مِّمَّا يَعْلَمُونَ (39) কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে। |
فَلَا أُقْسِمُ بِرَبِّ الْمَشَارِقِ وَالْمَغَارِبِ إِنَّا لَقَادِرُونَ (40) এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম |
عَلَىٰ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ (41) সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়। |
فَذَرْهُمْ يَخُوضُوا وَيَلْعَبُوا حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي يُوعَدُونَ (42) এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত। |
يَوْمَ يَخْرُجُونَ مِنَ الْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ (43) সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে |
خَاشِعَةً أَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ الْيَوْمُ الَّذِي كَانُوا يُوعَدُونَ (44) সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল। |