×

Surah Fatir in Assamese

Quran Assamese ⮕ Surah Fatir

Translation of the Meanings of Surah Fatir in Assamese - الآسامية

The Quran in Assamese - Surah Fatir translated into Assamese, Surah Fatir in Assamese. We provide accurate translation of Surah Fatir in Assamese - الآسامية, Verses 45 - Surah Number 35 - Page 434.

بسم الله الرحمن الرحيم

الْحَمْدُ لِلَّهِ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ جَاعِلِ الْمَلَائِكَةِ رُسُلًا أُولِي أَجْنِحَةٍ مَّثْنَىٰ وَثُلَاثَ وَرُبَاعَ ۚ يَزِيدُ فِي الْخَلْقِ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ (1)
সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
مَّا يَفْتَحِ اللَّهُ لِلنَّاسِ مِن رَّحْمَةٍ فَلَا مُمْسِكَ لَهَا ۖ وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُ مِن بَعْدِهِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ (2)
আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈয়ো কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
يَا أَيُّهَا النَّاسُ اذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ ۚ هَلْ مِنْ خَالِقٍ غَيْرُ اللَّهِ يَرْزُقُكُم مِّنَ السَّمَاءِ وَالْأَرْضِ ۚ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ (3)
হে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে
وَإِن يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِّن قَبْلِكَ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ (4)
আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাবৰ্তিত হ’ব।
يَا أَيُّهَا النَّاسُ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۖ فَلَا تَغُرَّنَّكُمُ الْحَيَاةُ الدُّنْيَا ۖ وَلَا يَغُرَّنَّكُم بِاللَّهِ الْغَرُورُ (5)
হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।
إِنَّ الشَّيْطَانَ لَكُمْ عَدُوٌّ فَاتَّخِذُوهُ عَدُوًّا ۚ إِنَّمَا يَدْعُو حِزْبَهُ لِيَكُونُوا مِنْ أَصْحَابِ السَّعِيرِ (6)
নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।
الَّذِينَ كَفَرُوا لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُم مَّغْفِرَةٌ وَأَجْرٌ كَبِيرٌ (7)
যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।
أَفَمَن زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَن يَشَاءُ وَيَهْدِي مَن يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ (8)
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
وَاللَّهُ الَّذِي أَرْسَلَ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَسُقْنَاهُ إِلَىٰ بَلَدٍ مَّيِّتٍ فَأَحْيَيْنَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا ۚ كَذَٰلِكَ النُّشُورُ (9)
সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰো, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰো। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।
مَن كَانَ يُرِيدُ الْعِزَّةَ فَلِلَّهِ الْعِزَّةُ جَمِيعًا ۚ إِلَيْهِ يَصْعَدُ الْكَلِمُ الطَّيِّبُ وَالْعَمَلُ الصَّالِحُ يَرْفَعُهُ ۚ وَالَّذِينَ يَمْكُرُونَ السَّيِّئَاتِ لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَمَكْرُ أُولَٰئِكَ هُوَ يَبُورُ (10)
যদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু নেক আমলক তেওঁ ওপৰলৈ উঠায়। আৰু যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’বই।
وَاللَّهُ خَلَقَكُم مِّن تُرَابٍ ثُمَّ مِن نُّطْفَةٍ ثُمَّ جَعَلَكُمْ أَزْوَاجًا ۚ وَمَا تَحْمِلُ مِنْ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَمَا يُعَمَّرُ مِن مُّعَمَّرٍ وَلَا يُنقَصُ مِنْ عُمُرِهِ إِلَّا فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ (11)
আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰ যোৰ কৰিছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভ ধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এটা পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।
وَمَا يَسْتَوِي الْبَحْرَانِ هَٰذَا عَذْبٌ فُرَاتٌ سَائِغٌ شَرَابُهُ وَهَٰذَا مِلْحٌ أُجَاجٌ ۖ وَمِن كُلٍّ تَأْكُلُونَ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُونَ حِلْيَةً تَلْبَسُونَهَا ۖ وَتَرَى الْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا مِن فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ (12)
আৰু দুয়োটা সাগৰ সমান নহয়ঃ এটাৰ পানী মিঠা, সুস্বাদু; আনটোৰ পানী লুণীয়া, কেহেটা। প্ৰতিটোৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ كُلٌّ يَجْرِي لِأَجَلٍ مُّسَمًّى ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ لَهُ الْمُلْكُ ۚ وَالَّذِينَ تَدْعُونَ مِن دُونِهِ مَا يَمْلِكُونَ مِن قِطْمِيرٍ (13)
তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিত, তেৱেঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ ৰব। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে এটা খেজুৰ গুটিৰ পাতল আৱৰণৰো অধিকাৰী নহয়।
إِن تَدْعُوهُمْ لَا يَسْمَعُوا دُعَاءَكُمْ وَلَوْ سَمِعُوا مَا اسْتَجَابُوا لَكُمْ ۖ وَيَوْمَ الْقِيَامَةِ يَكْفُرُونَ بِشِرْكِكُمْ ۚ وَلَا يُنَبِّئُكَ مِثْلُ خَبِيرٍ (14)
তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান কেতিয়াও নুশুনিব আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।
۞ يَا أَيُّهَا النَّاسُ أَنتُمُ الْفُقَرَاءُ إِلَى اللَّهِ ۖ وَاللَّهُ هُوَ الْغَنِيُّ الْحَمِيدُ (15)
হে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।
إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ (16)
তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।
وَمَا ذَٰلِكَ عَلَى اللَّهِ بِعَزِيزٍ (17)
আৰু সেয়া আল্লাহৰ বাবে একো টান কাম নহয়।
وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ وَإِن تَدْعُ مُثْقَلَةٌ إِلَىٰ حِمْلِهَا لَا يُحْمَلْ مِنْهُ شَيْءٌ وَلَوْ كَانَ ذَا قُرْبَىٰ ۗ إِنَّمَا تُنذِرُ الَّذِينَ يَخْشَوْنَ رَبَّهُم بِالْغَيْبِ وَأَقَامُوا الصَّلَاةَ ۚ وَمَن تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفْسِهِ ۚ وَإِلَى اللَّهِ الْمَصِيرُ (18)
আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।
وَمَا يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ (19)
অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়
وَلَا الظُّلُمَاتُ وَلَا النُّورُ (20)
অন্ধকাৰ আৰু পোহৰো সমান নহয়
وَلَا الظِّلُّ وَلَا الْحَرُورُ (21)
শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয়
وَمَا يَسْتَوِي الْأَحْيَاءُ وَلَا الْأَمْوَاتُ ۚ إِنَّ اللَّهَ يُسْمِعُ مَن يَشَاءُ ۖ وَمَا أَنتَ بِمُسْمِعٍ مَّن فِي الْقُبُورِ (22)
আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।
إِنْ أَنتَ إِلَّا نَذِيرٌ (23)
তুমি কেৱল এজন সতৰ্ককাৰীহে।
إِنَّا أَرْسَلْنَاكَ بِالْحَقِّ بَشِيرًا وَنَذِيرًا ۚ وَإِن مِّنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌ (24)
নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।
وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَ الَّذِينَ مِن قَبْلِهِمْ جَاءَتْهُمْ رُسُلُهُم بِالْبَيِّنَاتِ وَبِالزُّبُرِ وَبِالْكِتَابِ الْمُنِيرِ (25)
আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।
ثُمَّ أَخَذْتُ الَّذِينَ كَفَرُوا ۖ فَكَيْفَ كَانَ نَكِيرِ (26)
তাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলো। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)
أَلَمْ تَرَ أَنَّ اللَّهَ أَنزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ ثَمَرَاتٍ مُّخْتَلِفًا أَلْوَانُهَا ۚ وَمِنَ الْجِبَالِ جُدَدٌ بِيضٌ وَحُمْرٌ مُّخْتَلِفٌ أَلْوَانُهَا وَغَرَابِيبُ سُودٌ (27)
তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন বৰ্ণৰ ফলমূল উৎপন্ন কৰো। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।
وَمِنَ النَّاسِ وَالدَّوَابِّ وَالْأَنْعَامِ مُخْتَلِفٌ أَلْوَانُهُ كَذَٰلِكَ ۗ إِنَّمَا يَخْشَى اللَّهَ مِنْ عِبَادِهِ الْعُلَمَاءُ ۗ إِنَّ اللَّهَ عَزِيزٌ غَفُورٌ (28)
আৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।
إِنَّ الَّذِينَ يَتْلُونَ كِتَابَ اللَّهِ وَأَقَامُوا الصَّلَاةَ وَأَنفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَارَةً لَّن تَبُورَ (29)
নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে ব্যয় কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়া ধ্বংস নহয়।
لِيُوَفِّيَهُمْ أُجُورَهُمْ وَيَزِيدَهُم مِّن فَضْلِهِ ۚ إِنَّهُ غَفُورٌ شَكُورٌ (30)
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।
وَالَّذِي أَوْحَيْنَا إِلَيْكَ مِنَ الْكِتَابِ هُوَ الْحَقُّ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ ۗ إِنَّ اللَّهَ بِعِبَادِهِ لَخَبِيرٌ بَصِيرٌ (31)
আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।
ثُمَّ أَوْرَثْنَا الْكِتَابَ الَّذِينَ اصْطَفَيْنَا مِنْ عِبَادِنَا ۖ فَمِنْهُمْ ظَالِمٌ لِّنَفْسِهِ وَمِنْهُم مُّقْتَصِدٌ وَمِنْهُمْ سَابِقٌ بِالْخَيْرَاتِ بِإِذْنِ اللَّهِ ۚ ذَٰلِكَ هُوَ الْفَضْلُ الْكَبِيرُ (32)
তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলো তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো; কিন্তু সিহঁতৰ মাজৰ কিছুমান নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ (33)
চিৰস্থায়ী জান্নাত, য’ত তেওঁলোক প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোছাক হ’ব খাটি ৰেচমৰ।
وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي أَذْهَبَ عَنَّا الْحَزَنَ ۖ إِنَّ رَبَّنَا لَغَفُورٌ شَكُورٌ (34)
আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুঃখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ ৰব পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী
الَّذِي أَحَلَّنَا دَارَ الْمُقَامَةِ مِن فَضْلِهِ لَا يَمَسُّنَا فِيهَا نَصَبٌ وَلَا يَمَسُّنَا فِيهَا لُغُوبٌ (35)
‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।
وَالَّذِينَ كَفَرُوا لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا وَلَا يُخَفَّفُ عَنْهُم مِّنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِي كُلَّ كَفُورٍ (36)
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁত মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।
وَهُمْ يَصْطَرِخُونَ فِيهَا رَبَّنَا أَخْرِجْنَا نَعْمَلْ صَالِحًا غَيْرَ الَّذِي كُنَّا نَعْمَلُ ۚ أَوَلَمْ نُعَمِّرْكُم مَّا يَتَذَكَّرُ فِيهِ مَن تَذَكَّرَ وَجَاءَكُمُ النَّذِيرُ ۖ فَذُوقُوا فَمَا لِلظَّالِمِينَ مِن نَّصِيرٍ (37)
আৰু তাত সিহঁতে চিঞঁৰি চিঞঁৰি ক’ব, ‘হে আমাৰ ৰব! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলো তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
إِنَّ اللَّهَ عَالِمُ غَيْبِ السَّمَاوَاتِ وَالْأَرْضِ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ (38)
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।
هُوَ الَّذِي جَعَلَكُمْ خَلَائِفَ فِي الْأَرْضِ ۚ فَمَن كَفَرَ فَعَلَيْهِ كُفْرُهُ ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ عِندَ رَبِّهِمْ إِلَّا مَقْتًا ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ إِلَّا خَسَارًا (39)
তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।
قُلْ أَرَأَيْتُمْ شُرَكَاءَكُمُ الَّذِينَ تَدْعُونَ مِن دُونِ اللَّهِ أَرُونِي مَاذَا خَلَقُوا مِنَ الْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِي السَّمَاوَاتِ أَمْ آتَيْنَاهُمْ كِتَابًا فَهُمْ عَلَىٰ بَيِّنَتٍ مِّنْهُ ۚ بَلْ إِن يَعِدُ الظَّالِمُونَ بَعْضُهُم بَعْضًا إِلَّا غُرُورًا (40)
কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।
۞ إِنَّ اللَّهَ يُمْسِكُ السَّمَاوَاتِ وَالْأَرْضَ أَن تَزُولَا ۚ وَلَئِن زَالَتَا إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍ مِّن بَعْدِهِ ۚ إِنَّهُ كَانَ حَلِيمًا غَفُورًا (41)
নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِن جَاءَهُمْ نَذِيرٌ لَّيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى الْأُمَمِ ۖ فَلَمَّا جَاءَهُمْ نَذِيرٌ مَّا زَادَهُمْ إِلَّا نُفُورًا (42)
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَن تَجِدَ لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَن تَجِدَ لِسُنَّتِ اللَّهِ تَحْوِيلًا (43)
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তী বিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِن قَبْلِهِمْ وَكَانُوا أَشَدَّ مِنْهُمْ قُوَّةً ۚ وَمَا كَانَ اللَّهُ لِيُعْجِزَهُ مِن شَيْءٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ ۚ إِنَّهُ كَانَ عَلِيمًا قَدِيرًا (44)
আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈয়ো শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোৱে তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।
وَلَوْ يُؤَاخِذُ اللَّهُ النَّاسَ بِمَا كَسَبُوا مَا تَرَكَ عَلَىٰ ظَهْرِهَا مِن دَابَّةٍ وَلَٰكِن يُؤَخِّرُهُمْ إِلَىٰ أَجَلٍ مُّسَمًّى ۖ فَإِذَا جَاءَ أَجَلُهُمْ فَإِنَّ اللَّهَ كَانَ بِعِبَادِهِ بَصِيرًا (45)
আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি যাব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
❮ Previous Next ❯

Surahs from Quran :

1- Fatiha2- Baqarah
3- Al Imran4- Nisa
5- Maidah6- Anam
7- Araf8- Anfal
9- Tawbah10- Yunus
11- Hud12- Yusuf
13- Raad14- Ibrahim
15- Hijr16- Nahl
17- Al Isra18- Kahf
19- Maryam20- TaHa
21- Anbiya22- Hajj
23- Muminun24- An Nur
25- Furqan26- Shuara
27- Naml28- Qasas
29- Ankabut30- Rum
31- Luqman32- Sajdah
33- Ahzab34- Saba
35- Fatir36- Yasin
37- Assaaffat38- Sad
39- Zumar40- Ghafir
41- Fussilat42- shura
43- Zukhruf44- Ad Dukhaan
45- Jathiyah46- Ahqaf
47- Muhammad48- Al Fath
49- Hujurat50- Qaf
51- zariyat52- Tur
53- Najm54- Al Qamar
55- Rahman56- Waqiah
57- Hadid58- Mujadilah
59- Al Hashr60- Mumtahina
61- Saff62- Jumuah
63- Munafiqun64- Taghabun
65- Talaq66- Tahrim
67- Mulk68- Qalam
69- Al-Haqqah70- Maarij
71- Nuh72- Jinn
73- Muzammil74- Muddathir
75- Qiyamah76- Insan
77- Mursalat78- An Naba
79- Naziat80- Abasa
81- Takwir82- Infitar
83- Mutaffifin84- Inshiqaq
85- Buruj86- Tariq
87- Al Ala88- Ghashiya
89- Fajr90- Al Balad
91- Shams92- Lail
93- Duha94- Sharh
95- Tin96- Al Alaq
97- Qadr98- Bayyinah
99- Zalzalah100- Adiyat
101- Qariah102- Takathur
103- Al Asr104- Humazah
105- Al Fil106- Quraysh
107- Maun108- Kawthar
109- Kafirun110- Nasr
111- Masad112- Ikhlas
113- Falaq114- An Nas