القرآن باللغة الآسامية - سورة الهُمَزَة مترجمة إلى اللغة الآسامية، Surah Humazah in Assamese. نوفر ترجمة دقيقة سورة الهُمَزَة باللغة الآسامية - Assamese, الآيات 9 - رقم السورة 104 - الصفحة 601.
وَيْلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةٍ (1) দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে। |
الَّذِي جَمَعَ مَالًا وَعَدَّدَهُ (2) যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে। |
يَحْسَبُ أَنَّ مَالَهُ أَخْلَدَهُ (3) সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব। |
كَلَّا ۖ لَيُنبَذَنَّ فِي الْحُطَمَةِ (4) কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব। |
وَمَا أَدْرَاكَ مَا الْحُطَمَةُ (5) আৰু তুমি জানানে, হুতামা কি |
نَارُ اللَّهِ الْمُوقَدَةُ (6) ই আল্লাহৰ প্ৰজ্বলিত জুই। |
الَّتِي تَطَّلِعُ عَلَى الْأَفْئِدَةِ (7) যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব। |
إِنَّهَا عَلَيْهِم مُّؤْصَدَةٌ (8) নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব। |
فِي عَمَدٍ مُّمَدَّدَةٍ (9) ওখ ওখ স্তম্ভসমূহত। |