وَالشَّمْسِ وَضُحَاهَا (1) শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ |
وَالْقَمَرِ إِذَا تَلَاهَا (2) শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয় |
وَالنَّهَارِ إِذَا جَلَّاهَا (3) দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে |
وَاللَّيْلِ إِذَا يَغْشَاهَا (4) ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে |
وَالسَّمَاءِ وَمَا بَنَاهَا (5) শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে |
وَالْأَرْضِ وَمَا طَحَاهَا (6) পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে |
وَنَفْسٍ وَمَا سَوَّاهَا (7) শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে |
فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَاهَا (8) তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে |
قَدْ أَفْلَحَ مَن زَكَّاهَا (9) নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে। |
وَقَدْ خَابَ مَن دَسَّاهَا (10) আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে। |
كَذَّبَتْ ثَمُودُ بِطَغْوَاهَا (11) ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল। |
إِذِ انبَعَثَ أَشْقَاهَا (12) যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল |
فَقَالَ لَهُمْ رَسُولُ اللَّهِ نَاقَةَ اللَّهِ وَسُقْيَاهَا (13) তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'। |
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُم بِذَنبِهِمْ فَسَوَّاهَا (14) কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে। |
وَلَا يَخَافُ عُقْبَاهَا (15) আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে। |