وَالصَّافَّاتِ صَفًّا (1) শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ |
فَالزَّاجِرَاتِ زَجْرًا (2) তাৰ পিছত কঠোৰ পৰিচালকসকলৰ |
فَالتَّالِيَاتِ ذِكْرًا (3) আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ |
إِنَّ إِلَٰهَكُمْ لَوَاحِدٌ (4) নিশ্চয় তোমালোকৰ ইলাহ এজন |
رَّبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ الْمَشَارِقِ (5) যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব আৰু উদয়স্থল সমূহৰো ৰব। |
إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ (6) নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো |
وَحِفْظًا مِّن كُلِّ شَيْطَانٍ مَّارِدٍ (7) আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা। |
لَّا يَسَّمَّعُونَ إِلَى الْمَلَإِ الْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍ (8) ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড) |
دُحُورًا ۖ وَلَهُمْ عَذَابٌ وَاصِبٌ (9) সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি। |
إِلَّا مَنْ خَطِفَ الْخَطْفَةَ فَأَتْبَعَهُ شِهَابٌ ثَاقِبٌ (10) কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়। |
فَاسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَا ۚ إِنَّا خَلَقْنَاهُم مِّن طِينٍ لَّازِبٍ (11) এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? আমি সিহঁতক দেখুন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছো। |
بَلْ عَجِبْتَ وَيَسْخَرُونَ (12) বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে। |
وَإِذَا ذُكِّرُوا لَا يَذْكُرُونَ (13) আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে। |
وَإِذَا رَأَوْا آيَةً يَسْتَسْخِرُونَ (14) আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে। |
وَقَالُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُّبِينٌ (15) আৰু কয়, ‘এইটো দেখুন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। |
أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ (16) ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে |
أَوَآبَاؤُنَا الْأَوَّلُونَ (17) ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’ |
قُلْ نَعَمْ وَأَنتُمْ دَاخِرُونَ (18) কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’। |
فَإِنَّمَا هِيَ زَجْرَةٌ وَاحِدَةٌ فَإِذَا هُمْ يَنظُرُونَ (19) এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব। |
وَقَالُوا يَا وَيْلَنَا هَٰذَا يَوْمُ الدِّينِ (20) আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখুন প্ৰতিদান দিৱস’। |
هَٰذَا يَوْمُ الْفَصْلِ الَّذِي كُنتُم بِهِ تُكَذِّبُونَ (21) এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা। |
۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ (22) (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল |
مِن دُونِ اللَّهِ فَاهْدُوهُمْ إِلَىٰ صِرَاطِ الْجَحِيمِ (23) আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া |
وَقِفُوهُمْ ۖ إِنَّهُم مَّسْئُولُونَ (24) ‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব। |
مَا لَكُمْ لَا تَنَاصَرُونَ (25) ‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’ |
بَلْ هُمُ الْيَوْمَ مُسْتَسْلِمُونَ (26) প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী। |
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ (27) আৰু সিহঁতে ইজনে সিজনৰ মুখা-মখী হৈ সোধ-পোছ কৰিব |
قَالُوا إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ الْيَمِينِ (28) সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’। |
قَالُوا بَل لَّمْ تَكُونُوا مُؤْمِنِينَ (29) সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা |
وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَانٍ ۖ بَلْ كُنتُمْ قَوْمًا طَاغِينَ (30) ‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়। |
فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَا ۖ إِنَّا لَذَائِقُونَ (31) ‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম। |
فَأَغْوَيْنَاكُمْ إِنَّا كُنَّا غَاوِينَ (32) ‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’। |
فَإِنَّهُمْ يَوْمَئِذٍ فِي الْعَذَابِ مُشْتَرِكُونَ (33) তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব। |
إِنَّا كَذَٰلِكَ نَفْعَلُ بِالْمُجْرِمِينَ (34) নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো। |
إِنَّهُمْ كَانُوا إِذَا قِيلَ لَهُمْ لَا إِلَٰهَ إِلَّا اللَّهُ يَسْتَكْبِرُونَ (35) সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল। |
وَيَقُولُونَ أَئِنَّا لَتَارِكُو آلِهَتِنَا لِشَاعِرٍ مَّجْنُونٍ (36) আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’ |
بَلْ جَاءَ بِالْحَقِّ وَصَدَّقَ الْمُرْسَلِينَ (37) বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে। |
إِنَّكُمْ لَذَائِقُو الْعَذَابِ الْأَلِيمِ (38) নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা |
وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ (39) আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা |
إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ (40) কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা। |
أُولَٰئِكَ لَهُمْ رِزْقٌ مَّعْلُومٌ (41) তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা) |
فَوَاكِهُ ۖ وَهُم مُّكْرَمُونَ (42) ফলমূল; আৰু তেওঁলোক হ’ব সন্মানিত |
فِي جَنَّاتِ النَّعِيمِ (43) নিয়ামতেৰে ভৰা জান্নাতত |
عَلَىٰ سُرُرٍ مُّتَقَابِلِينَ (44) মুখা-মুখী হৈ আসনত বহিব। |
يُطَافُ عَلَيْهِم بِكَأْسٍ مِّن مَّعِينٍ (45) তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ |
بَيْضَاءَ لَذَّةٍ لِّلشَّارِبِينَ (46) শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰী সকলৰ বাবে সুস্বাদু। |
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنزَفُونَ (47) তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব। |
وَعِندَهُمْ قَاصِرَاتُ الطَّرْفِ عِينٌ (48) তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)। |
كَأَنَّهُنَّ بَيْضٌ مَّكْنُونٌ (49) তেওঁলোক যেনিবা আচ্ছাদিত কণী। |
فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ (50) তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখা-মুখী হৈ সোধ-পোছ কৰিব। |
قَالَ قَائِلٌ مِّنْهُمْ إِنِّي كَانَ لِي قَرِينٌ (51) তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল |
يَقُولُ أَإِنَّكَ لَمِنَ الْمُصَدِّقِينَ (52) সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে |
أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَدِينُونَ (53) ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’ |
قَالَ هَلْ أَنتُم مُّطَّلِعُونَ (54) আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’ |
فَاطَّلَعَ فَرَآهُ فِي سَوَاءِ الْجَحِيمِ (55) তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত |
قَالَ تَاللَّهِ إِن كِدتَّ لَتُرْدِينِ (56) তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা |
وَلَوْلَا نِعْمَةُ رَبِّي لَكُنتُ مِنَ الْمُحْضَرِينَ (57) ‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখুন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন। |
أَفَمَا نَحْنُ بِمَيِّتِينَ (58) (যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয় |
إِلَّا مَوْتَتَنَا الْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ (59) ‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব!’ |
إِنَّ هَٰذَا لَهُوَ الْفَوْزُ الْعَظِيمُ (60) নিশ্চয় এইটোৱেই সেই মহাসফলতা। |
لِمِثْلِ هَٰذَا فَلْيَعْمَلِ الْعَامِلُونَ (61) এনেকুৱা সফলতাৰ বাবেই আমলকাৰী সকলে আমল কৰা উচিত |
أَذَٰلِكَ خَيْرٌ نُّزُلًا أَمْ شَجَرَةُ الزَّقُّومِ (62) (কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম |
إِنَّا جَعَلْنَاهَا فِتْنَةً لِّلظَّالِمِينَ (63) নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছো |
إِنَّهَا شَجَرَةٌ تَخْرُجُ فِي أَصْلِ الْجَحِيمِ (64) এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা |
طَلْعُهَا كَأَنَّهُ رُءُوسُ الشَّيَاطِينِ (65) ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ |
فَإِنَّهُمْ لَآكِلُونَ مِنْهَا فَمَالِئُونَ مِنْهَا الْبُطُونَ (66) নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব। |
ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًا مِّنْ حَمِيمٍ (67) ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ। |
ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى الْجَحِيمِ (68) তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে। |
إِنَّهُمْ أَلْفَوْا آبَاءَهُمْ ضَالِّينَ (69) নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট |
فَهُمْ عَلَىٰ آثَارِهِمْ يُهْرَعُونَ (70) তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল। |
وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ الْأَوَّلِينَ (71) অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল |
وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ (72) অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো। |
فَانظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُنذَرِينَ (73) এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল |
إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ (74) কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ। |
وَلَقَدْ نَادَانَا نُوحٌ فَلَنِعْمَ الْمُجِيبُونَ (75) আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলো |
وَنَجَّيْنَاهُ وَأَهْلَهُ مِنَ الْكَرْبِ الْعَظِيمِ (76) তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো। |
وَجَعَلْنَا ذُرِّيَّتَهُ هُمُ الْبَاقِينَ (77) আৰু তেওঁৰ বংশধৰ সকলকেই আমি অৱশিষ্ট ৰাখিছিলো |
وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ (78) আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো। |
سَلَامٌ عَلَىٰ نُوحٍ فِي الْعَالَمِينَ (79) সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওঁক। |
إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ (80) নিশ্চয় আমি এইদৰেই সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো। |
إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ (81) নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। |
ثُمَّ أَغْرَقْنَا الْآخَرِينَ (82) তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলো। |
۞ وَإِنَّ مِن شِيعَتِهِ لَإِبْرَاهِيمَ (83) আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰী সকলৰেই অন্তৰ্ভুক্ত। |
إِذْ جَاءَ رَبَّهُ بِقَلْبٍ سَلِيمٍ (84) স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল |
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِ مَاذَا تَعْبُدُونَ (85) যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা |
أَئِفْكًا آلِهَةً دُونَ اللَّهِ تُرِيدُونَ (86) ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি |
فَمَا ظَنُّكُم بِرَبِّ الْعَالَمِينَ (87) ‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’ |
فَنَظَرَ نَظْرَةً فِي النُّجُومِ (88) তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে। |
فَقَالَ إِنِّي سَقِيمٌ (89) আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’। |
فَتَوَلَّوْا عَنْهُ مُدْبِرِينَ (90) তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল। |
فَرَاغَ إِلَىٰ آلِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ (91) তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’ |
مَا لَكُمْ لَا تَنطِقُونَ (92) ‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’ |
فَرَاغَ عَلَيْهِمْ ضَرْبًا بِالْيَمِينِ (93) তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে। |
فَأَقْبَلُوا إِلَيْهِ يَزِفُّونَ (94) তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে। |
قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ (95) তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’ |
وَاللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ (96) ‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’। |
قَالُوا ابْنُوا لَهُ بُنْيَانًا فَأَلْقُوهُ فِي الْجَحِيمِ (97) সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’। |
فَأَرَادُوا بِهِ كَيْدًا فَجَعَلْنَاهُمُ الْأَسْفَلِينَ (98) এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো। |
وَقَالَ إِنِّي ذَاهِبٌ إِلَىٰ رَبِّي سَيَهْدِينِ (99) তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব |
رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ (100) ‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। |
فَبَشَّرْنَاهُ بِغُلَامٍ حَلِيمٍ (101) তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো। |
فَلَمَّا بَلَغَ مَعَهُ السَّعْيَ قَالَ يَا بُنَيَّ إِنِّي أَرَىٰ فِي الْمَنَامِ أَنِّي أَذْبَحُكَ فَانظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَا أَبَتِ افْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِي إِن شَاءَ اللَّهُ مِنَ الصَّابِرِينَ (102) এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’। |
فَلَمَّا أَسْلَمَا وَتَلَّهُ لِلْجَبِينِ (103) এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে |
وَنَادَيْنَاهُ أَن يَا إِبْرَاهِيمُ (104) তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম |
قَدْ صَدَّقْتَ الرُّؤْيَا ۚ إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ (105) ‘তুমি দেখুন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো’। |
إِنَّ هَٰذَا لَهُوَ الْبَلَاءُ الْمُبِينُ (106) নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা। |
وَفَدَيْنَاهُ بِذِبْحٍ عَظِيمٍ (107) আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত। |
وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ (108) আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো। |
سَلَامٌ عَلَىٰ إِبْرَاهِيمَ (109) শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত। |
كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ (110) এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো। |
إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ (111) নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম |
وَبَشَّرْنَاهُ بِإِسْحَاقَ نَبِيًّا مِّنَ الصَّالِحِينَ (112) আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলো, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম। |
وَبَارَكْنَا عَلَيْهِ وَعَلَىٰ إِسْحَاقَ ۚ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌ وَظَالِمٌ لِّنَفْسِهِ مُبِينٌ (113) আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী। |
وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَارُونَ (114) আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলো মূছা আৰু হাৰূনৰ প্ৰতি |
وَنَجَّيْنَاهُمَا وَقَوْمَهُمَا مِنَ الْكَرْبِ الْعَظِيمِ (115) আৰু তেওঁলোক উভয়কে লগতে তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলো মহাসংকটৰ পৰা। |
وَنَصَرْنَاهُمْ فَكَانُوا هُمُ الْغَالِبِينَ (116) আৰু আমি সহায় কৰিছিলো তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল। |
وَآتَيْنَاهُمَا الْكِتَابَ الْمُسْتَبِينَ (117) আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলো। |
وَهَدَيْنَاهُمَا الصِّرَاطَ الْمُسْتَقِيمَ (118) আৰু উভয়কে আমি পৰিচালিত কৰিছিলো সৰল পথত। |
وَتَرَكْنَا عَلَيْهِمَا فِي الْآخِرِينَ (119) আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো। |
سَلَامٌ عَلَىٰ مُوسَىٰ وَهَارُونَ (120) মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওঁক ছালাম (শান্তি আৰু নিৰাপত্তা)। |
إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ (121) এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো। |
إِنَّهُمَا مِنْ عِبَادِنَا الْمُؤْمِنِينَ (122) নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। |
وَإِنَّ إِلْيَاسَ لَمِنَ الْمُرْسَلِينَ (123) আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। |
إِذْ قَالَ لِقَوْمِهِ أَلَا تَتَّقُونَ (124) যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’ |
أَتَدْعُونَ بَعْلًا وَتَذَرُونَ أَحْسَنَ الْخَالِقِينَ (125) ‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক |
اللَّهَ رَبَّكُمْ وَرَبَّ آبَائِكُمُ الْأَوَّلِينَ (126) ‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব’। |
فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ (127) কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব। |
إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ (128) কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ। |
وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ (129) আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো। |
سَلَامٌ عَلَىٰ إِلْ يَاسِينَ (130) শান্তি বৰ্ষিত হওঁক ইলিয়াছৰ ওপৰত। |
إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ (131) নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো। |
إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ (132) নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। |
وَإِنَّ لُوطًا لَّمِنَ الْمُرْسَلِينَ (133) আৰু নিশ্চয় লূতো আছিল ৰাছুল সকলৰ অন্তৰ্ভুক্ত। |
إِذْ نَجَّيْنَاهُ وَأَهْلَهُ أَجْمَعِينَ (134) স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলো |
إِلَّا عَجُوزًا فِي الْغَابِرِينَ (135) কেৱল পিছত ৰৈ যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে। |
ثُمَّ دَمَّرْنَا الْآخَرِينَ (136) তাৰ পিছত অৱশিষ্টসকলক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো। |
وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ (137) আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত |
وَبِاللَّيْلِ ۗ أَفَلَا تَعْقِلُونَ (138) আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে |
وَإِنَّ يُونُسَ لَمِنَ الْمُرْسَلِينَ (139) আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। |
إِذْ أَبَقَ إِلَى الْفُلْكِ الْمَشْحُونِ (140) স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল |
فَسَاهَمَ فَكَانَ مِنَ الْمُدْحَضِينَ (141) তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত সকলৰ অন্তৰ্ভুক্ত হ’ল। |
فَالْتَقَمَهُ الْحُوتُ وَهُوَ مُلِيمٌ (142) তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল। |
فَلَوْلَا أَنَّهُ كَانَ مِنَ الْمُسَبِّحِينَ (143) আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লেহেঁতেন |
لَلَبِثَ فِي بَطْنِهِ إِلَىٰ يَوْمِ يُبْعَثُونَ (144) তেন্তে তেওঁ পুনৰুত্থানৰ দিন লৈকে মাছৰ পেটতেই থাকিলেহেঁতেন। |
۞ فَنَبَذْنَاهُ بِالْعَرَاءِ وَهُوَ سَقِيمٌ (145) অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ। |
وَأَنبَتْنَا عَلَيْهِ شَجَرَةً مِّن يَقْطِينٍ (146) আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলো |
وَأَرْسَلْنَاهُ إِلَىٰ مِائَةِ أَلْفٍ أَوْ يَزِيدُونَ (147) আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো। |
فَآمَنُوا فَمَتَّعْنَاهُمْ إِلَىٰ حِينٍ (148) এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো। |
فَاسْتَفْتِهِمْ أَلِرَبِّكَ الْبَنَاتُ وَلَهُمُ الْبَنُونَ (149) এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’ |
أَمْ خَلَقْنَا الْمَلَائِكَةَ إِنَاثًا وَهُمْ شَاهِدُونَ (150) অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলো নেকি যে, সেয়া সিহঁতে দেখিছিল |
أَلَا إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ (151) জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে |
وَلَدَ اللَّهُ وَإِنَّهُمْ لَكَاذِبُونَ (152) ‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া। |
أَصْطَفَى الْبَنَاتِ عَلَى الْبَنِينَ (153) তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি |
مَا لَكُمْ كَيْفَ تَحْكُمُونَ (154) কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা |
أَفَلَا تَذَكَّرُونَ (155) তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে |
أَمْ لَكُمْ سُلْطَانٌ مُّبِينٌ (156) নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে |
فَأْتُوا بِكِتَابِكُمْ إِن كُنتُمْ صَادِقِينَ (157) যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা। |
وَجَعَلُوا بَيْنَهُ وَبَيْنَ الْجِنَّةِ نَسَبًا ۚ وَلَقَدْ عَلِمَتِ الْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ (158) সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)। |
سُبْحَانَ اللَّهِ عَمَّا يَصِفُونَ (159) সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান |
إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ (160) কেৱল আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে। |
فَإِنَّكُمْ وَمَا تَعْبُدُونَ (161) নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে |
مَا أَنتُمْ عَلَيْهِ بِفَاتِنِينَ (162) (একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা |
إِلَّا مَنْ هُوَ صَالِ الْجَحِيمِ (163) কেৱল প্ৰজ্জ্বলিত জুইত যিজন দগ্ধ হ’ব তাৰ বাহিৰে। |
وَمَا مِنَّا إِلَّا لَهُ مَقَامٌ مَّعْلُومٌ (164) আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান |
وَإِنَّا لَنَحْنُ الصَّافُّونَ (165) ‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান |
وَإِنَّا لَنَحْنُ الْمُسَبِّحُونَ (166) ‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী’। |
وَإِن كَانُوا لَيَقُولُونَ (167) আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল |
لَوْ أَنَّ عِندَنَا ذِكْرًا مِّنَ الْأَوَّلِينَ (168) ‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলেহেঁতেন |
لَكُنَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ (169) ‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’। |
فَكَفَرُوا بِهِ ۖ فَسَوْفَ يَعْلَمُونَ (170) কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব। |
وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا الْمُرْسَلِينَ (171) নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে |
إِنَّهُمْ لَهُمُ الْمَنصُورُونَ (172) নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব। |
وَإِنَّ جُندَنَا لَهُمُ الْغَالِبُونَ (173) আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব। |
فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ (174) এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা। |
وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ (175) আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)। |
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ (176) সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি |
فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَاءَ صَبَاحُ الْمُنذَرِينَ (177) এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব |
وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ (178) আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা। |
وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ (179) তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)। |
سُبْحَانَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا يَصِفُونَ (180) সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী। |
وَسَلَامٌ عَلَى الْمُرْسَلِينَ (181) আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি। |
وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ (182) আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য। |