إِذَا الشَّمْسُ كُوِّرَتْ (1) সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব |
وَإِذَا النُّجُومُ انكَدَرَتْ (2) আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব |
وَإِذَا الْجِبَالُ سُيِّرَتْ (3) পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব |
وَإِذَا الْعِشَارُ عُطِّلَتْ (4) আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব |
وَإِذَا الْوُحُوشُ حُشِرَتْ (5) আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব |
وَإِذَا الْبِحَارُ سُجِّرَتْ (6) আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব |
وَإِذَا النُّفُوسُ زُوِّجَتْ (7) আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব |
وَإِذَا الْمَوْءُودَةُ سُئِلَتْ (8) আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব |
بِأَيِّ ذَنبٍ قُتِلَتْ (9) কি অপৰাধত তাইক হত্যা কৰা হৈছিল |
وَإِذَا الصُّحُفُ نُشِرَتْ (10) আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব |
وَإِذَا السَّمَاءُ كُشِطَتْ (11) আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব |
وَإِذَا الْجَحِيمُ سُعِّرَتْ (12) আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব |
وَإِذَا الْجَنَّةُ أُزْلِفَتْ (13) আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব |
عَلِمَتْ نَفْسٌ مَّا أَحْضَرَتْ (14) তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে। |
فَلَا أُقْسِمُ بِالْخُنَّسِ (15) এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ |
الْجَوَارِ الْكُنَّسِ (16) যিবোৰ গতিশীল, অদৃশ্য |
وَاللَّيْلِ إِذَا عَسْعَسَ (17) আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয় |
وَالصُّبْحِ إِذَا تَنَفَّسَ (18) আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয় |
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ (19) নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী। |
ذِي قُوَّةٍ عِندَ ذِي الْعَرْشِ مَكِينٍ (20) যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন |
مُّطَاعٍ ثَمَّ أَمِينٍ (21) মান্যবৰ, তাত তেওঁ বিশ্বস্ত। |
وَمَا صَاحِبُكُم بِمَجْنُونٍ (22) আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয় |
وَلَقَدْ رَآهُ بِالْأُفُقِ الْمُبِينِ (23) আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে |
وَمَا هُوَ عَلَى الْغَيْبِ بِضَنِينٍ (24) আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। |
وَمَا هُوَ بِقَوْلِ شَيْطَانٍ رَّجِيمٍ (25) আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়। |
فَأَيْنَ تَذْهَبُونَ (26) এতেকে তোমালোকে কোনফালে গতি কৰিছা |
إِنْ هُوَ إِلَّا ذِكْرٌ لِّلْعَالَمِينَ (27) এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী |
لِمَن شَاءَ مِنكُمْ أَن يَسْتَقِيمَ (28) তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। |
وَمَا تَشَاءُونَ إِلَّا أَن يَشَاءَ اللَّهُ رَبُّ الْعَالَمِينَ (29) তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে। |