لَا أُقْسِمُ بِيَوْمِ الْقِيَامَةِ (1) মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ |
وَلَا أُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ (2) মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ |
أَيَحْسَبُ الْإِنسَانُ أَلَّن نَّجْمَعَ عِظَامَهُ (3) মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম |
بَلَىٰ قَادِرِينَ عَلَىٰ أَن نُّسَوِّيَ بَنَانَهُ (4) কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম। |
بَلْ يُرِيدُ الْإِنسَانُ لِيَفْجُرَ أَمَامَهُ (5) বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে। |
يَسْأَلُ أَيَّانَ يَوْمُ الْقِيَامَةِ (6) সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব |
فَإِذَا بَرِقَ الْبَصَرُ (7) যেতিয়া চকু স্থিৰ হৈ যাব |
وَخَسَفَ الْقَمَرُ (8) আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব |
وَجُمِعَ الشَّمْسُ وَالْقَمَرُ (9) আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব |
يَقُولُ الْإِنسَانُ يَوْمَئِذٍ أَيْنَ الْمَفَرُّ (10) সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’ |
كَلَّا لَا وَزَرَ (11) কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই। |
إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمُسْتَقَرُّ (12) সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত। |
يُنَبَّأُ الْإِنسَانُ يَوْمَئِذٍ بِمَا قَدَّمَ وَأَخَّرَ (13) সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে। |
بَلِ الْإِنسَانُ عَلَىٰ نَفْسِهِ بَصِيرَةٌ (14) বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত |
وَلَوْ أَلْقَىٰ مَعَاذِيرَهُ (15) যদিও সি নানা অজুহাত দেখুৱায়। |
لَا تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ (16) ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা। |
إِنَّ عَلَيْنَا جَمْعَهُ وَقُرْآنَهُ (17) নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই। |
فَإِذَا قَرَأْنَاهُ فَاتَّبِعْ قُرْآنَهُ (18) এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা |
ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُ (19) তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই। |
كَلَّا بَلْ تُحِبُّونَ الْعَاجِلَةَ (20) কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা |
وَتَذَرُونَ الْآخِرَةَ (21) আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা। |
وُجُوهٌ يَوْمَئِذٍ نَّاضِرَةٌ (22) সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব |
إِلَىٰ رَبِّهَا نَاظِرَةٌ (23) সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব। |
وَوُجُوهٌ يَوْمَئِذٍ بَاسِرَةٌ (24) আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব |
تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌ (25) সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব। |
كَلَّا إِذَا بَلَغَتِ التَّرَاقِيَ (26) নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব |
وَقِيلَ مَنْ ۜ رَاقٍ (27) আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’ |
وَظَنَّ أَنَّهُ الْفِرَاقُ (28) তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ। |
وَالْتَفَّتِ السَّاقُ بِالسَّاقِ (29) আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব। |
إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمَسَاقُ (30) সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব। |
فَلَا صَدَّقَ وَلَا صَلَّىٰ (31) এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই। |
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ (32) বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। |
ثُمَّ ذَهَبَ إِلَىٰ أَهْلِهِ يَتَمَطَّىٰ (33) তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল |
أَوْلَىٰ لَكَ فَأَوْلَىٰ (34) দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ |
ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰ (35) আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ |
أَيَحْسَبُ الْإِنسَانُ أَن يُتْرَكَ سُدًى (36) মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব |
أَلَمْ يَكُ نُطْفَةً مِّن مَّنِيٍّ يُمْنَىٰ (37) সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয় |
ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ (38) তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে। |
فَجَعَلَ مِنْهُ الزَّوْجَيْنِ الذَّكَرَ وَالْأُنثَىٰ (39) তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে। |
أَلَيْسَ ذَٰلِكَ بِقَادِرٍ عَلَىٰ أَن يُحْيِيَ الْمَوْتَىٰ (40) তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু |